Saturday, January 24, 2015

বুকু হম হম কৰে

বুকু হম হম কৰে

Play Now
ৰচনা কাল : ১৯৬৩

 বুকু হম হম কৰে
মোৰ আই
 কোনে নিদ্রা হৰে
মোৰ আই
 পুত্র হৈ মই কি মতে তৰোঁ?
 আই, তোৰে হৈ মই মৰোঁ ।
 দেশৰে চন্দ্রমা
 কাল এন্ধাৰে আৱৰে
 অগনিকালিকা
 দেহ ৰন্ধ্রে ৰন্ধ্রে চৰে ।

 বজ্রসম দৃঢ় আই
চৌপাশৰে গড়
 চৌপাশৰে গড় ভেদিম
কিঞ্চিতো নাই পৰ ৷
 যাচিম সান্ত্বনা
 আই মুক্তি প্রভাতেৰে
 থাপিম থাপনা
 আই শোণিত তিয়াগেৰে ।।

বিস্তীৰ্ণ পাৰৰে

বিস্তীৰ্ণ পাৰৰে

Play Now
ৰচনা কাল : ১৯৬৫

বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
 হাঁহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয় ?

নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় ?

জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিমাত কিয় ?

সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্ৰামী,
আৰু অগ্ৰগামী
কৰি নোতোলা কিয় ?

ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয় ?

তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহʼলে প্ৰেৰণা নিদিয়া কিয় ?

উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰশয্যাতে
আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলাঁ কিয় ?

অট'ৰিক্সা চলাও

অট'ৰিক্সা চলাও

Play Now
ৰচনা কাল : ১৯৪৩

ভায়েক : অট’ৰিক্সা চলাওঁ
আমি দুয়ো ভাই
গুৱাহাটী কৰি গুলজাৰ

ককায়েক : বি‍-ই ফেইল ম‍ই
সৰু ভাই এম এ পাছ
দুয়ো : বেংকত বহুতো ধাৰ
বেংকত বহুতো ধাৰ!
ককায়েক : ভাইটিৰ নামত আছে পাৰ্মিট
চলাওঁ ম‍ইও একোবাৰ।
দুয়ো : শিক্ষিত বেকাৰৰ ম‍ই সৰু ভাব
কমপ্লেক্স নাই আমাৰ।।

ককায়েক : ভাইটিৰ এটি মাথো দোষ আছে
জালুকবাৰী প্ৰিয় তাৰ
মোৰ পৰা কেতিয়াবা
অট’খন কাঢ়ি কয়
দুয়ো : প্ৰিয়া আজি হʼব পেছেঞ্জাৰ
প্ৰিয়া আজি হব পেছেঞ্জাৰ।।

ককায়েক : ম‍ই সুধিলোঁ
তোক বিয়া কৰিব জানো
নহʼলি যে ত‍ই প্ৰফেছাৰ।
সি উত্তৰ দিয়ে
মোৰ প্ৰেয়সীয়ে বুজে, দাদা
দুয়ো : ডিগনিটি অব্ লেবাৰ!!!

ককায়েক : কথা : তহঁতৰ ছাবজেক্ট একে আছিল নেকি অʼ
তোৰ আৰু তোৰ প্ৰেয়সীৰ?

ভায়েক : অৰ্থনীতি দুয়োৰে ছাবজেক্ট
এইবাৰ প্ৰেয়সীৰ ফিফ্‌থ ইয়াৰ
যোৱাবেলি ম‍ই এম এ পাছ কৰি লৈ
লৈছিলোঁ পাৰ্মিট অট’ৰিক্সাৰ।

ককায়েক : ভাল কৰিলি ভাই ভালেই কৰিলি
ভাবী ভাইবোৱাৰীলৈ আশিস অপাৰ।
হাকিম মন্ত্ৰীৰ চাকৰি বিচাৰি ত‍ই
নহʼলি যে ভাগ্যে চিৰবেকাৰ!!

দুয়ো : ব’ল বহু ৰাতি হʼল

ভায়েক : নাই কোনো পেছেঞ্জাৰ
ককায়েক : সেমেকা বতৰটো দেখোঁ বৰ জাৰ
ককায়েক : নাই কোনো পেছেঞ্জাৰ

ককায়েক :- ৰুগীয়া আয়ে চাগে
ৰখি আছে বাঢ়ি লৈ
দাইল ভাত দুয়োৰে আমাৰ
দুয়ো 
: নাই কোনো পেছেঞ্জাৰ
ককায়েক : ব’ল বহু ৰাতি হʼল
নাই কোনো পেছেঞ্জাৰ

ককায়েক : ঘূৰি ৰিফাইনেৰী আৰু জালুকবাৰী
লাচিত নগৰ আৰু উজান বজাৰ
ভৰলুৰমুখ আৰু নিজৰাৰপাৰ
লাচিত নগৰ আৰু ফাঁচি বজাৰ
দুয়ো :  পণ কৰিছোঁ দুয়ো ঘাম পেলাই
পণ কৰিছোঁ দুয়ো ঘাম পেলাই
ওভতাম বেংকৰ বাকীখিনি ধাৰ
ওভতাম বেংকৰ বাকীখিনি ধাৰ।।
অʼটো ৰিক্সা চলাও........।

জয় ৰঘুৰানন্দনো


মানুহে মানুহৰ বাবে

মানুহে মানুহৰ বাবে

Play Now
             ৰচনা কাল : ১৯৬০

মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?

মানুহে মানু্হক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পূৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহʼব
কোৱা -- সমনীয়া?

  দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি?

মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয় মানুহ
লাজ পাব কোনেনো কোৱা সমনীয়া?

মহাবাহু ব্রহ্মপুত্র

মহাবাহু ব্রহ্মপুত্র

Play Now
                             ৰচনা কাল : ১৯৮০

কথা: স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ ?
       ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো ?
       এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি ?

গীত: মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ
       কত যুগ ধৰি আহিছে প্রকাশি
       সমন্বয়ৰ অর্থ।।
 সুদূৰ কান্যকুব্জৰেপৰা বাৰভূঞা আহিছিলে
 সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে ।
    মৰুৰ দেশৰে আজান ফকীৰে
            মধুৰ জিকিৰ ৰচিলে
দিল্লীৰ দিলোৱাৰে আহি হস্তী-পুথি আঁকিলে
পঞ্চনদীৰ টেগ বাহাদুৰে ধৰমৰ সেঁতু গঢ়িলে
  সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত ।

    দূৰৈৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে
জাতি-ধর্ম-ভাষা সবাকে স্বদেশ প্রেমেৰে বান্ধিলে
     কিৰাটপুত্র বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে
        সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত।।

পদ্মা নদী!
 পদ্মা নদীৰ ধুমুহাত পৰি কত শতজন আহিলে
   লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে
কিছু ল’ব লাগে, কিছু দিব লাগে, জীণ যাবলে’ হ’লে
 মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্রনাথেও ক’লে,
অগ্রৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্রপাত বোৱালে
অজীণপাতকীসৱৰ চক্র জ্যোতিৰ কৰি ব্যর্থ।।

কঁহুৱা বন

কঁহুৱা বন

Play Now
কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি

নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি।
অ’এটি এটি ক্ষণ যেন এটি এটি পণ
এনেই হেৰুৱালে নাহে উভতি ।

 পুৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলোঁ সেই ক্ষণটি
অনন্ত সময়ৰ সাগৰখনিৰ
চঞ্চল কোলাহলে ভাঙে ঘুমতি।
অ’ বলিয়া মন কিয় উচাটন ?
কালিৰ সূৰুযে আনি দিব পুৱাটি।।


আমি অসমীয়া নহওঁ দুখীয়া

আমি অসমীয়া নহওঁ দুখীয়া

Play Now
ৰচনা কাল : ১৯৬৮

কথাঃ- (সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, 'আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম?' সঁচা, পিছে)

গীতঃ 'আমি অসমীয়া নহওঁ দুখীয়া'
বুলি সন্ত্বনা লভিলে নহʼব
আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব।।

 নানা জাতি-উপজাতি
ৰহণীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হʼব নিঃশেষ
আৰু মনবোৰো ভাগি ছিগি যাব --
আজিৰ অসমীয়াই নিজকে নবচালে
অসমতে মগনীয়া হʼব।

প্ৰতি অসমীয়াই কি কৰা উচিত,
উপদেশ দিবলৈ নাই লাচিত
'ডাঙৰ নহয় দেশতকৈও মোৰ'
দুৰ্ব্বলচিতীয়া মোমাইবোৰ' বোলো
হেংদানধাৰী লাচিত নাথাকিলেও
আগুৱাই যাবই লাগিব
অʼ নহʼলে অসমীয়াই অসমৰ মাটিতে
নিজেই মগনীয়া হʼব।।

কথাঃ "অসম মৰিলে আমিও মৰিম'' বুলি
কʼবলৈ কোনো যে নাই বুলি আজি কোনে কয়?

গীত : কোনোবা কাপুৰুষক
পুৰুষ কৰিবলেʼ
জ্যোতিপ্ৰসাদো যে আছে।
"অসম মৰিলে আমিও মৰিম''
বুলি কʼবলৈ শ্বহীদো আছে।
আজি অম্বিকাগিৰীৰ চিঞৰক হাজাৰে
হাতে-কামে নৱৰূপ দিব।
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে
অসমতে ভগনীয়া হʼব।।

আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু কʼতনো বাচিব
মোৰ আইক ভালপাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব?
প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়
আৰু দূৰণিৰপৰা আহি লুইতৰ পাৰৰে
মাটিত মাতৃ বোলা প্ৰতি ভাৰতীয় হʼল
নতুন ৰূপৰ অসমীয়া।
আমি সেইভাৱে থাকিলেই হʼব
নহʼলে আমাৰ 'ৰাজহাড় নাই' বুলি
বিশ্বই বৰকে হাঁহিব।।

বিশ্বপ্ৰেম বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওতো জানা এটি কথা --
আপোন মাতৃৰ অশ্ৰু নমচিলে
বিশ্বপ্ৰেম হʼব বৃথা
তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হʼলে
বিশ্বই জানো ভাল পাব?
পৃথিৱীত জনমি সচেতন নহʼলে
প্ৰাপ্যও থিতাতে হেৰাব।।

থলুৱা আৰু নতুন অসমীয়াক
এইবেলি -- সেঁৱা যাচি লৈ
সোঁৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব
আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হʼব।।
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব।

বিঃদ্ৰঃ  গীতটিৰ চতুৰ্থ পদটি ১৯৮০ চনত কিছু সাল-সলনি কৰিছে।  প্ৰথমতে  গীতটিৰ চতুৰ্থ পদটি আছিল এনেধৰণৰ-- "কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ
জ্যোতিপ্ৰসাদো নাই
অসম মৰিলে, আমিও মৰিম
বুলি কʼবলৈ কোনো যে নাই
আজি অম্বিকাগিৰী নাই
দেশ গʼল গʼল বুলি
দিনে নিশাই চিঞৰিব।।"

শ্বিলঙৰে গধূলি

শ্বিলঙৰে গধূলি

Play Now
ৰচনা কাল : ১৯৬৮

শ্বিলঙৰে গধূলি
সপোন চহৰৰ মৰমী শৰতৰ
সোঁৱৰণি সোণালী ।
শ্বিলঙৰে গধূলি..

 ৰঙীন বজাৰৰ পাৰ হৈ হৈ
শুদাকৈ ভৰিৰে দূবৰি গছকি গৈ
সৰু সৰু জিৰজিৰিয়া
 নিজৰাৰ পাৰতে
হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা
পৰিবযে খুজিছিলোঁ পিছলি!
শ্বিলঙৰে গধূলি....

 লাহে লাহে এন্ধাৰ হ'ল
দূৰণিৰ খাচী গাঁওখন
তুমি আৰু ময়ে মিলি
দুয়োতেই হ'লোঁ মগন ।

দুটি মন-নিজৰা জলধি হৈ
ওখকৈ সৰলৰ বননি দিলে বুৰাই
যেন উৰি, উৰি উৰি উৰি ফুৰা জোনাকী পৰুৱাই
হাঁহি হাঁহি জোকালে
আমি হেনো উটি ফুৰা
 দুটি মিঠা শৰতৰ শেৱালি
শ্বিলঙৰে গধূলি....।।